BA 1st Semester Political Science Chapter 4 Question Answer Assamese Medium 2025 | গণতন্ত্ৰৰ পৰিচয় | BA 1st Semester Political Science Unit 4 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 4 Question Answer
Unit : 4
গণতন্ত্ৰৰ পৰিচয়
► অতি চমু প্রশ্নোত্তৰ :
১। গণতন্ত্র সম্পর্কে আব্রাহাম লিংকনৰ সূত্ৰটো লিখা।
উত্তৰ: লিংকনৰ মতে, গণতন্ত্র হৈছে জনগণৰ, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত চৰকাৰ?
২। গণতন্ত্ৰৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ : সংখ্যাগৰিষ্ঠৰ শাসন।
৩। প্রত্যক্ষ গণতন্ত্ৰৰ মুখ্য পৃষ্ঠপোষক কোন?
উত্তৰ: জ্যা জ্যাক ৰুছো।
৪। গণভোট কাক বোলে?
উত্তৰ : চৰকাৰে প্ৰণয়ন কৰা কোনো আইনৰ খচৰা প্ৰস্তাৱ নিশ্চিত কৰিবলৈ জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে প্ৰেৰণ কৰাকেই গণভোট বোলে।
৫। পৰোক্ষ গণতন্ত্র কাক বোলে?
উত্তৰ: যি শাসন ব্যৱস্থাত সকলো নাইবা গৰিষ্ঠ সংখ্যক মানুহে সময়ে সময়ে নির্বাচিত কৰা প্রতিনিধিসকলৰ দ্বাৰা শাসন ক্ষমতা প্রয়োগ কৰা হয়, তাকেই পৰোক্ষ গণতন্ত্র বোলে।
৬। ইংলেণ্ডৰ মহাচনদ (Magna Carta) কেতিয়া হৈছিল?
উত্তৰ: ১২১৫ চনত।
৭। ফৰাচী বিপ্লৱ কেতিয়া হৈছিল?
উত্তৰ : ১৭৮৯ চনত।
৮। ফৰাচী বিপ্লৱৰ মূল মন্ত্র কি আছিল?
উত্তৰ: সাম্য, মৈত্রী আৰু স্বাধীনতা।
৯। ‘Demos’ শব্দৰ অৰ্থ কি?
উত্তৰ: জনগণ।
১০। গণতন্ত্ৰৰ কৃতকার্যতাৰ এটা অপৰিহাৰ্য চৰ্ত উল্লেখ কৰা।
উত্তৰ: নাগৰিকসকল শিক্ষিত হ’ব লাগে।
১১। মার্ক্সীয় গণতন্ত্ৰৰ এটা বৈশিষ্ট্য লিখা।
উত্তৰ : ব্যক্তি স্বাধীনতাত গুৰুত্ব।
১২। গণতন্ত্র হৈছে এক চৰকাৰ য’ত প্রত্যেকজনৰে অংশ থাকে- কোনে কৈছিল?
উত্তৰ: জন চিলী।
১৩। আমেৰিকাত Bill of Rights কেতিয়া স্বাক্ষৰ কৰা হৈছিল?
উত্তৰঃ ১৭৯১ চনত।
► চমু প্রশ্নোত্তৰ :
১। গণতন্ত্ৰৰ সংজ্ঞা দিয়া।
উত্তৰ : চমু অৰ্থত গণতন্ত্র বুলিলে এনে এক শাসন ব্যৱস্থাক বুজায়, য’ত জাতি-বর্ণ নির্বিশেষে সকলোৱে অংশ গ্রহণ কৰিব পাৰে। আব্রাহাম লিংকনৰ মতে, ‘গণতন্ত্র হৈছে জনগণৰ, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে পৰিচালিত চৰকাৰ।’
২। গণতন্ত্ৰৰ দুটা মূল নীতি উল্লেখ কৰা।
উত্তৰ: ১। সমতাৰ নীতি
২। আইনৰ নীতি
৩। গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: ১। সংখ্যা গৰিষ্ঠৰ শাসন
২। মুক্ত আৰু নিকা নির্বাচন
৪। প্রত্যক্ষ গণতন্ত্ৰৰ দুটা কৌশল লিখা।
উত্তৰ: ১। গণভোট
২। গণপ্রস্তাৱ
৫। গণভোট কেইপ্ৰকাৰ? কি কি?
উত্তৰ : গণভোট দুই প্ৰকাৰৰ :
১। বাধ্যতামূলক গণভোট
২। ঐচ্ছিক গণভোট।
S.No | BA 1st Semester Political Science solution – All Units |
---|---|
1 | ৰাজনৈতিক তত্ত্বৰ ধাৰণা |
2 | সাম্প্রতিক প্রেক্ষাপটত ৰাজনৈতিক তত্ত্বৰ দৃষ্টিভংগী |
3 | ৰাজনৈতিক তত্ত্বৰ ধাৰণাসমূহ |
4 | গণতন্ত্ৰৰ পৰিচয় |
৬। পৰোক্ষ গণতন্ত্ৰৰ দুটা সুবিধা লিখা।
উত্তৰ: ক) এনে গণতন্ত্রত দক্ষ প্রতিনিধি নিৰ্বাচনৰ জৰিয়তে জনগণে এখন সুস্থ চৰকাৰ গঠন আৰু খৰকতীয়া সিদ্ধান্ত লোৱাত সহায় কৰে।
খ) বৃহৎ দেশৰ বাবে ই উপযোগী।
৭। পৰোক্ষ গণতন্ত্ৰৰ দুটা অসুবিধা লিখা।
উত্তৰ:
ক) এই ব্যৱস্থা কম গণতান্ত্রিক।
খ) যথেষ্ট ব্যয়বহুল।
৮। মার্ক্সবাদী গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ: ক) ব্যক্তি স্বাধীনতাৰ গুৰুত্ব।
খ) সমাজ আৰু গণসংস্কৃতিৰ গুৰুত্ব।
৯। গণতন্ত্ৰৰ সফলতাৰ দুটা চৰ্ত লিখা।
উত্তৰ : ক) গণতন্ত্ৰৰ সাফল্যৰ বাবে গণতান্ত্রিক জনগণৰ প্ৰয়োজন।
খ) শিক্ষাৰ ব্যাপক বিস্তাৰক গণতন্ত্ৰৰ সাফল্যৰ মূলমন্ত্ৰ হিচাপে গণ্য কৰা হয়।
১০। গণতন্ত্ৰৰ দুটা সুবিধা লিখা।
উত্তৰ: ক) গণতন্ত্র সমতা আৰু স্বাধীনতাৰ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত।
খ) গণতন্ত্রই জনসাধাৰণৰ ৰাজনৈতিক জ্ঞান আৰু চেতনা বৃদ্ধি কৰে।
১১। গণতন্ত্ৰৰ দুটা দোষ লিখা।
উত্তৰ:
১। গণতন্ত্রত গুণতকৈ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়া হয়।
২। গণতান্ত্রিক ব্যৱস্থা অধিক ব্যয়বহুল।
► ৰচনাধৰ্মী প্রশ্নোত্তৰ:
১। গণতন্ত্ৰৰ সংজ্ঞা দিয়া। গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰ : গণতন্ত্রক সংকীর্ণ অর্থত এটি শাসন ব্যৱস্থা বুলি কোৱা হয়- য’ত জনগণে প্রত্যক্ষ অথবা পৰোক্ষভাৱে শাসন কার্যত অংশ গ্রহণ কৰিব পাৰে। কিন্তু ব্যাপক অর্থত গণতন্ত্রই এক সমাজ ব্যৱস্থা, ৰাষ্ট্ৰ ব্যৱস্থা আনকি এটা বিশেষ অর্থনৈতিক ব্যৱস্থাকো বুজায়।
সংজ্ঞা: গণতন্ত্র সম্পর্কে বহুতো সংজ্ঞা পোৱা যায়।
সেইবোৰৰ ভিতৰত কেইটামান প্রধান সংজ্ঞা হ’ল-
১। আব্রাহাম লিংকনৰ মতে, ‘গণতন্ত্র হ’ল এক জনগণক লৈ গঠিত, জনগণৰ দ্বাৰা গঠিত আৰু জনসাধাৰণৰ বাবে পৰিচালিত শাসন ব্যৱস্থা।’
২। অধ্যাপক চিলীৰ মতে, ‘গণতন্ত্র হ’ল এনে এক শাসন ব্যৱস্থা য’ত সকলোৰে এটা অংশ থাকে।’
৩। অধ্যাপক বাৰ্কাৰৰ মতে, ‘গণতন্ত্র হ’ল আলাপ-আলোচনাৰ মাধ্যমত পৰিচালিত চৰকাৰ।’
গণতন্ত্ৰৰ বৈশিষ্ট্য: গণতন্ত্ৰৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল-
১। জনগণৰ শাসন: গণতন্ত্র হ’ল জনগণৰ শাসন। ইয়াত জনগণে প্রত্যক্ষ অথবা পৰোক্ষভাৱে অংশ গ্রহণ কৰিব পাৰে।
২। সার্বজনীন প্রাপ্তবয়স্কৰ ভোটাধিকাৰ : গণতন্ত্ৰত সাৰ্বজনীন প্রাপ্তবয়স্কৰ, ভোটাধিকাৰ ব্যৱস্থাৰ প্ৰচলন আছে। ইয়াত জাতি, ধর্ম, বর্ণ, ভাষা, লিংগ নির্বিশেষে সকলো প্রাপ্তবয়স্ক লোকৰ ভোটাধিকাৰ প্ৰদান কৰা হয়, আৰু সকলোৰে ভোটৰ মূল্য সমান।
৩। স্বাধীনতা আৰু সমতাৰ নীতি: গণতন্ত্ৰত নাগৰিকসকলে বিভিন্ন স্বাধীনতা উপভোগ কৰিব পাৰে। সামাজিক, ৰাজনৈতিক, ধর্মীয়, সাংস্কৃতিক আদি বিষয়ত সকলোৰে সমান অধিকাৰ থাকে। আইনৰ চকুত সকলো সমান।
৪। সংখ্যা গৰিষ্ঠ লোকৰ শাসন: গণতন্ত্র হ’ল সংখ্যা গৰিষ্ঠ লোকৰ শাসন। ইয়াত সাধাৰণ নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠন কৰা হয় আৰু এই নির্বাচনত যি দলে সংখ্যা গৰিষ্ঠ আসন লাভ কৰে সেই দলে চৰকাৰ গঠন কৰে।
৫। দায়বদ্ধ চৰকাৰ: গণতন্ত্ৰত চৰকাৰখন জনগণৰ ওচৰত দায়বদ্ধ হৈ থাকে। জনগণৰ আস্থা আৰু সমর্থনৰ ওপৰত চৰকাৰখনৰ কাৰ্যকাল নিৰ্ভৰ কৰে।
৬। জনমতক গুৰুত্ব প্রদান: গণতান্ত্রিক শাসন ব্যৱস্থা জনমতৰ ওপৰত প্রতিষ্ঠিত। জনমত হ’ল গণতন্ত্ৰৰ প্ৰাণ। এই চৰকাৰে জনমতক উপেক্ষা কৰিব নোৱাৰে।
৭। দলীয় ব্যৱস্থা: আধুনিক যুগত পৰোক্ষ বা প্রতিনিধিত্বমূলক গণতন্ত্ৰৰ প্ৰচলন হৈছে। ইয়াত দলীয় ভিত্তিত প্রার্থীসকলক নিৰ্বাচন কৰা হয়। চৰকাৰৰ সকলো আদর্শ, নীতি আদি সকলো দলীয় আদর্শ, নীতি আদিৰ দ্বাৰা পৰিচালিত হয়।
৮। সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত: গণতন্ত্র যদিও সংখ্যাগৰিষ্ঠৰ চৰকাৰ তথাপিও সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ ওপৰত ই যথেষ্ট গুৰুত্ব আৰোপ কৰে।
২। প্রত্যক্ষ গণতন্ত্র বুলিলে কি বুজা? ইয়াৰ কৌশলসমূহ ব্যাখ্যা কৰা।
উত্তৰ : গণতন্ত্ৰক চৰকাৰৰ গঠন আৰু ইয়াৰ শাসন প্ৰণালীৰ পৰিচালনাৰ ভিত্তিত প্রধানকৈ দুটা ভাগত বিভক্ত কৰিব পাৰি। প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্র।
প্রত্যক্ষ গণতন্ত্র: প্রত্যক্ষ গণতন্ত্রত জনসাধাৰণে দেশৰ শাসন প্রক্রিয়া তথা
চৰকাৰৰ বিভিন্ন কাম-কাজত প্রত্যক্ষভাৱে অংশ গ্রহণ কৰাৰ সুযোগ লাভকৰে। প্ৰত্যক্ষ গণতন্ত্ৰৰ মুখ্য পৃষ্ঠপোষক হ’ল ৰুছো। প্রত্যক্ষ গণতন্ত্র ব্যৱস্থাত লোক সকলে এক নির্দিষ্ট ঠাইত সমবেত হৈ চৰকাৰৰ পৰিচালনাৰ বিভিন্ন কাৰ্যসূচীত প্রত্যক্ষভাৱে অংশ গ্রহণ কৰি নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰে।
প্রত্যক্ষ গণতন্ত্ৰৰ কৌশলসমূহ বা অভিকৰণসমূহ :
প্রত্যক্ষ গণতন্ত্ৰৰ মূলতঃ চাৰিটা অভিকৰণ আছে-
ক) গণভোট: গণভোট হৈছে গণতন্ত্ৰৰ গুৰুত্বপূৰ্ণ কৌশল। চৰকাৰে প্ৰণয়ন কৰিব বিচৰা কোনো আইনৰ খচৰা প্ৰস্তাৱ নিশ্চিত কৰিবলৈ জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে প্ৰেৰণ কৰাকেই গণভোট বুলি কোৱা হয়। গণভোট দুই প্ৰকাৰৰ- বাধ্যতামূলক গণভোট আৰু ঐচ্ছিক গণভোট।
খ) গণপ্রস্তাব: এই ব্যৱস্থাৰ জৰিয়তে এক নির্দিষ্ট সংখ্যক জনসাধাৰণে কোনো বিষয়ত আইন প্রণয়ন কৰিবলৈ আইনসভাত খচৰা প্ৰস্তাৱ নিজাববীয়াকৈ উপস্থাপন কৰিব পাৰে।
গ) প্রত্যাবর্তন: প্রত্যাৱৰ্তন পদ্ধতিৰ জৰিয়তে গণতন্ত্রত জনসাধাৰণৰ মতৰ প্ৰতি উদাসীন, দায়িত্বহীন, দুর্নীতিপৰায়ণ তথা জনমতক আওকাণ কৰা প্ৰপ্রতিনিধিক পদচ্যুত কৰিব পাৰি।
ঘ) গণ অভিমত: গণ অভিমতৰ অৰ্থ জনসাধাৰণৰ মতামত গ্রহণ বা জনাৰ বাবে আবেদন। কেতিয়াবা চৰকাৰে কোনো জৰুৰী তথা গুৰুত্বপূৰ্ণ বিষয়ত নিজা বিধি অথবা সিদ্ধান্ত’ গ্রহণ কৰিবলৈ অপাৰগ হ’লে সেই বিষয়টোৰ ওপৰত জনসাধাৰণৰ সিদ্ধান্ত জানিবলৈ অভিমত গ্রহণ ব্যৱস্থা কৰিব পাৰে।
1 thought on “BA 1st Semester Political Science Chapter 4 Question Answer Assamese Medium 2025 | গণতন্ত্ৰৰ পৰিচয় | BA 1st Semester Political Science Unit 4 Question Answer Assamese Medium | BA 1st Sem Political Science | BA First Semester Political Science Chapter 4 Question Answer”